মুখ্য পৃষ্ঠা
10/04/25
14:45
হিয়া হীনা প্ৰিয়া
বুকুৰ কামিহাঁড় কঁপাই
বিষাদৰ উশাহ বোৰ ওলাই ;
হিয়া হীনা প্ৰিয়া এদিন গ'ল আতৰি
প্ৰিয়জনক বৰমালা পিন্ধাই |
মৰহা ফুলেৰে গাঠিছিল মালা
দিছিল অভিনয়ৰ প্ৰতিশ্ৰুতি ;
সোনৰ অলংকাৰ উপহাৰ বিচাৰি
চিঙি দিলে হঠাতে মৰমৰ এনাজৰি |
এডল ৰাং কুকুৰৰ দৰে
বিষাদে খাইছে মোৰ কলিজা কামুৰি ;
জীৱন বাটত পিচলি পৰিলে
কাকনো ধৰিম দুহাতত খামুচি ?
মই মৰিলে আশাবোৰো চিতাত
জ্বলিব
ধুঁৱাত উৰি যাব সপোন ;
বগা কাপোৰে আইয়ে মোক ঢ়াকি দিব
হিয়া হীনা প্ৰিয়াৰ হ'ব
নোৱাৰিলো আপোন |
© ৰাজু কলিতা
17/09/14